কথাশিল্প - ৬
১১ জুলাই ২০১১
বিশ্ব জনসংখ্যা দিৱস
আজিৰ পৰা দহ বছৰ আগতে বিশ্ব জনসংখ্যা দিৱসৰ তাত্পৰ্য কি -এই সংক্ৰান্তত মই গভীৰভাৱে চিন্তা কৰা নাছিলো | কিন্তু এতিয়া কি ক’ম !!!
জনবিস্ফোৰণে সকলোফালে সংকটত পেলাইছে | খাদ্য আৰু বাসস্থান নাটনিৰ লগতে অৰ্থনৈতিক সংকটক জোৰা মাৰিবৰ বাবে ঘৰুৱা উত্পাদন বৃদ্ধি কৰিবৰ বাবে ভিন্ন ব্যৱস্থা হাতত সকলোৱে লব লাগিব | লগতে তৃণমূল পৰ্যায়ত শিশুক শিক্ষা দিবই লাগিব |
কথাখিনি কিমান সুদূৰপ্ৰসাৰী হয় চিন্তা কৰিবৰ হ’ল | এতিয়া এটা কথা গুৰুত্বপূৰ্ণ যে যাৰ হাতত বিদ্যুত্ শক্তি আছে সিয়ে শক্তিশালী দেশলৈ পৰিণত হৈছে | জাপান নিচিনা এখন দেশত কেইপদমান সামগ্ৰী সৃজনীশীল প্ৰতিভা সত্ কামত ব্যৱহাৰ কৰি এখন উন্নয়ণ দেশলৈ পৰিণত হৈছে | আমাৰ ভাৰতত সকলো আছে | তথাপি আমি কিয় ইমান নেতিবাচক চিন্তা কৰি জীৱনৰ বাটত আগবাঢ়ি যাওঁ তাকেহে ভাবি নাপাওঁ |
About Me
- RONOJ KUMAR GOGOI
- Guwahati, ASSAM, India
- " সাহিত্য মোৰ নিচা ৰাজনীতি মোৰ পেচা "
Monday, July 11, 2011
Friday, July 8, 2011
কথাশিল্প - ৫

কথাশিল্প - ৫
০৬ জুলাই ২০১১
কৃতজ্ঞতা
আপোনাক কোনোবাই ধন্যবাদ দিলে অস্বস্তিত ভোগে নেকি ? শুনা যায় অসমীয়া মানুহে ধন্যবাদ দিলে অস্বস্তিবোধ কৰে |কথাষাৰ কিমানদূৰ সত্য মই বিচাৰ কৰিবলৈ আগবঢ়া নাই |কিন্তু তলত দিয়া এইষাৰ কথা মোৰ নিজৰ -অসমীয়া মানুহে ধন্যবাদ দিবলৈ বেয়া পায় |আৰু কিছুমান মানুহৰ কৃতজ্ঞতা চিনস্বৰূপ ধন্যবাদ শব্দটো জিভাৰ আগত লাগি থাকে |মোৰো এই শব্দটো আজিকালি অতি সোণকালে মুখলৈ আহে |
পশ্চিমীয়া দেশবিলাকৰ ভ্ৰমণ কাহিনীত পোৱা যায় --ধন্যবাদ আৰু মৰম অতি ওচৰৰ সম্পদ তেওঁলোকৰ বাবে |সঁচাই অনন্য আৰু শিকিবলগীয়া |
Subscribe to:
Comments (Atom)