কথাশিল্প -১৩
দাপোণ
আপুনি বাৰু দাপোণৰ কাষত বাৰেপতি গৈ নিজৰ গাল-মুখ চাই থাকে নেকি ?নে নিজক আনৰ আগত কেনেকৈ সুন্দৰ ভাৱে দেখুৱাব পাৰি তাৰ ৰহস্য ভেদ কৰে ? অৰ্থাত্ প্ৰৰ্দশনকামিতাৰ ওপৰত গুৰুত্ব নিদিয়ে জানো !! যুৱতীবিলাকে কিন্তু এইক্ষেত্ৰত কোনো গুণে পিছপৰা নহয় |আচলতে নিজে সুন্দৰ হৈ থকা অতি ভাল কথা |সমান্তৰালভাৱে কিন্তু সমাজখনো সুন্দৰ কৰি ৰখা কামফেৰাত আমি অৱহেলা কৰিব নালাগে |
দাপোণৰ সন্মুখত কেতিয়াবা নিজৰ খং প্ৰত্যক্ষ কৰিছেনে ?যদিহে নাই কৰা তেন্তে কৰক এবাৰলৈ আৰু খঙৰ মূল্য , উত্পত্তি বিচাৰ কৰক |ক্ষণিকৰ বাবে হ’লেও নিজৰ খং নাইকিয়া হোৱাৰ লগতে নিজক ভালদৰে চিনিবলৈ চেষ্টা কৰিব |আৰু যিবিলাকৰ খং নুঠে সেইবিলাকে দাপোণৰ সন্মুখত ৰৈ হাঁহি থাকক |হা হা হাঃ ...
-ৰনৌজ কুমাৰ গগৈ

