About Me

My photo
Guwahati, ASSAM, India
" সাহিত্য মোৰ নিচা ৰাজনীতি মোৰ পেচা "

Thursday, November 3, 2011

কথাশিল্প - ১২


কথাশিল্প - ১২
খং

আপোনাৰ বাৰু খং উঠিলে সামগ্ৰী নষ্ট কৰে নেকি ?নে মুখ ফুলাই একেবাৰে আকাশ -পাতাল ভাবি থাকে ?আমি সকলোৱে জানো খং নামে চন্ডাল |তদুপৰি খঙক আত্মসংযম , ধৈৰ্যৰে মুখামুখি হ’বৰ বাবে আমি পাৰ্যমানে চেষ্টা কৰিব লাগে |এইটো সত্য যে খঙৰ সময়ত কিছুলোকে হিতাহিত জ্ঞান হেৰুৱাই যিকোনো কাম কৰি দিয়ে |প্ৰণিধানযোগ্য যে নৱপ্ৰজন্মৰ বহুতে সাধাৰণ কথাতে পৰিকলণ যন্ত্ৰ , ভ্ৰাম্যভাষ ও বয়বস্তু ভাঙে |আৰু কিছুৱে নিজৰ দেহৰ অংগত ৰং-বিৰঙৰ তেজৰ ছবি আঁকে |

আনহাতে আন কাৰোবাক খং কৰাৰ আগতে চিন্তা কৰা উচিত ও সেই বিষয়টো হাঁহিৰে বুজাবৰ বাবে চেষ্টা কৰা উচিত |অৱশ্য একান্তই অন্তৰেৰে ভাল পোৱাজনক নিৰ্ভয়ে খং কৰিব পাৰি আৰু গালি পাৰিব পাৰি |কিন্তু তাতো সীমাবদ্ধতা থকা উচিত |

- ৰনৌজ কুমাৰ গগৈ |

No comments:

Post a Comment