
কথাশিল্প - ১১
- " আমোলমোল শেৱালিৰ গোন্ধ
যাঁও বুলি যাবই নোখোজে চোন
চকুৱে চকুৱে চাব পৰা হ’লে দেখিলোহেঁতেন ..."-
- হীৰেন ভট্টাচাৰ্য (কন্ঠঃ লোকনাথ গোস্বামী )
শৰত সমান নাহি সুখকাল | শৰত্ ঋতুতে পানী নিৰ্মল;প্ৰতিবিম্ব দেখা হয় |শেৱালি ফুলৰ সুবাসেৰে গোটেই নিশাটো এক অমিয়া মধুৰ পৰিবেশৰ সৃষ্টি কৰে |দিনৰ দিনটো শেৱালি জোপা নিতাল নিস্তব্ধ |আন্ধাৰ নমাৰ আগলৈকে শেৱালিজোপাই ফুল ফুলিবৰ বাবে কিমান প্ৰস্তুতি অৰ্থাত্ পাহি মেলিবৰ বাবে পূৰ্ব প্ৰস্তুতি |মোৰ দৰে নহয় ইহঁতবোৰ | মই কাম কৰিবৰ বাবে সদায় পিছদিনালৈ থৈ দিওঁ | এই অভ্যাস যদি ইহঁতে কৰিলেহেঁতেন ; কি হ’লহেঁতেন ! বাৰু এই কথা চিন্তাৰ উদগিৰণ || থাকক পিছলৈ |
- ৰনৌজ কুমাৰ
৩০ অক্তোবৰ ২০১১ |

No comments:
Post a Comment