
কথাশিল্প - ১০
-" সুৰাত মগন ভয়াল ৰাতি
মৌন কোলাহ’ল ..."-
গীতটো সকলোৰে পৰিচিত |বোধহয় নকৈ চিনাকি দিয়াৰ প্ৰয়োজন নাই |গাঁৱৰ পৰা নগৰীলৈ , আবাল বৃদ্ধ বণিতা পৰ্যন্ত সকলোৰে অতি চিনাকি ভাটিখানা |
অলপ মন কৰিলে দেখা যায় আজিকালি য’তে ত’তে কৈশোৰৰ পৰা বুঢ়ালৈকে দিন দুপৰতে বটল লৈ বহি যায় |তাৰ পিছত মাতাল হৈ অশ্লীল শব্দৰে গুৱালগালি |তদুপৰি হিংসাত্মক কান্ডৰ নায়ক (প্ৰকৃততে খলনায়ক )ৰ ৰূপত এইসকল লোকৰ নিৰ্ভয়ে বহিঃপ্ৰকাশ |আপোনাৰ মোৰ চাই থাকিয়েই ভাল লাগে নহয়নে ? কাৰণ বৈদ্যুতিক মাধ্যমত এইবিলাকক দেশ জয় কৰি অহাৰ নিচিনাকৈ অলপো গতি সলনি নকৰাকৈ দেখুৱাব যেন তেওঁলোকে অলপো ভুল কৰা নাই |সেই কাৰণে মোৰ ভাষাত ক’ব পাৰি এনেদৰে - আমি অসমীয়া জাতিয়ে দেশ জয় নকৰি কোনে কৰিব ?
যদিহে বৈদ্যুতিক মাধ্যমৰ কোনো সদাশয় ব্যক্তিয়ে এই কথাখিনি পঢ়িছে ; মোক গালি এজাউৰি পাৰিবলৈ নেৰিব |আৰু , আৰু গালি পৰাটো নিশ্চিত এই কাৰণে মই নিজে খাল খান্দি ঘৰিয়াল চপাইছো |
(বিঃদ্ৰঃ এইবিলাকৰ প্ৰভাৱ সূদুৰপ্ৰসাৰী কাৰণ বাল্যকালতে এইবিলাক বস্তু শিশু এটাই স্বচক্ষে নাইবা দূৰদৰ্শনৰ পৰ্দাত দেখে তেন্তে নিশ্চয় এইবিলাক কৰাটো ভাল বুলি আপোনাক কুটুৰিবলৈ আৰম্ভ কৰিব )
এইবিলাক কথা পঢ়িবলৈ মধুৰ নহয় ও সেয়ে বহুতে সৰুকথা বুলি ফালৰি কাটে | গতিকে ইয়াৰ ফল ভৱিষ্যতলৈ খাই থাকে |যাৰ ঘৰত এখন সুস্থ আৰু নিকা পৰিবেশ থাকে এইবিলাকে কেতিয়াও বাঁহ নলয় |
- ৰনৌজ কুমাৰ

No comments:
Post a Comment