About Me

My photo
Guwahati, ASSAM, India
" সাহিত্য মোৰ নিচা ৰাজনীতি মোৰ পেচা "

Thursday, May 5, 2011

প্ৰাসংগিকতা

১ মে ২০১১
১৭ বহাগ ১৯৩৩ শক

প্ৰাসংগিকতা

মই ,তুমি

মই নাথাকিলে
তুমি |
মই থাকিলে
মই মাঁথো
সোমৰস পান কৰাত ব্যস্ত |

তোমাৰ বেয়া লাগে নহয় বেলিটোৱে সুমথিৰা আভা ছটিয়ালে..
আবেলি আহিলে |
কিন্তু কি কৰিবা |
আমাৰ মাঁথো তাতেই ব্যৱধান |


-কথাষাৰ লিখাৰ অৰ্থ এইটোৱে যে আমি যিমানবিলাক কথা প্ৰকাশ কৰো শব্দৰে ....
এইবিলাক কথা জানো সমাজত নেতিবাচক প্ৰভাৱ পেলোৱা ব্যক্তিয়ে পঢ়ে ? অথবা ব্যক্তিজনে পঢ়িলেও গভীৰভাৱে উপলব্ধি কৰে | শব্দৰে ভাষা সাজি প্ৰকাশ কৰিলে সমাজৰ উন্নতি যে হ’ব এই কথা একান্তই বিশ্বাস কৰোঁ | কিন্তু এই কথাখিনিয়ে পেচাগত নাইবা লিখাগত অভ্যাসটো বেয়া সেইকথা প্ৰতিপন্ন কৰিবলৈ মোৰ অভিপ্ৰায় নহয় | আচলতে একোটা লিখনিয়ে পৰোক্ষভাৱে বহুতো ব্যক্তি অথবা সমাজত বিশেষভাৱে প্ৰতিনিধিত্ব কৰে |প্ৰত্যক্ষভাৱে নেতিবাচক ব্যক্তিক কিদৰে প্ৰভাৱ পেলায় এই কথাহে মই ক’বলৈ লৈছো | লগতে কিদৰে ভাবিবলৈ বাধ্য কৰিব |

তৃণমূল পযায়ত এজন লোকক চৰিত্ৰ , প্ৰমূল্যবোধৰ শিক্ষা নিদিলে কিদৰে পৰিয়াল ,সমাজ আদিত সমস্যাৰ সৃষ্টি হয় ,ইয়াৰ সঠিক মূল্যায়ন দৈনন্দিন জীৱনত পৰিলক্ষিত হৈ থাকে | ইয়াৰ সৈতে এইটো কথাও প্ৰাসংগিকতা অনা দৰকাৰ যে -তৃণমূল অৱস্থাত এজন লোকক ভাল নৈতিক শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰিলে পাছৰ পযায়ত তেঁও যে সন্ত্ৰাসবাদী ৰূপ নল’ব তাত কোনো সন্দেহ নাই |

কথাখিনি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত কোৱা হৈছে | তদুপৰি বিহংগম দৃষ্টিৰে চোৱাৰ প্ৰয়োজনীয়তাবোধ কৰোঁ |ইয়াত মোৰ কোনো ব্যক্তিস্বাৰ্থ নাই | সেইটো যেন গুৰুত্ব সহকাৰে লয় |

এইবিলাক কথা মষিমূৰ কৰিবৰ বাবে কি কি ব্যৱস্থা ল’ব লাগিব অথবা ললে সময়োপযোগী হৈছে নাই এই কথাও গুৰুত্ব দিব লাগিব |

-- চাও ৰিদিপ ৰঞ্জন aka Ronoj Kr. Gogoi

No comments:

Post a Comment