About Me

My photo
Guwahati, ASSAM, India
" সাহিত্য মোৰ নিচা ৰাজনীতি মোৰ পেচা "

Thursday, January 17, 2013

শিল্পী বটাঁ ২০১৩


--" কস্মিনকালেও মই এই বটাঁ পাম বুলি ভবা নাছিলো | কালি মোক বন্ধুৱে ফোন কৰি কোৱাত ধেমালি কৰিছে বুলি ভাবিছিলো ...কিন্তু ...."-- এক আৱেগিক পৰিবেশত কথাখিনি কৈ গ’ল শিল্পী বটাঁ প্ৰাপক বিশিষ্ট সুৰকাৰ, গীতিকাৰ হীৰেন বুঢ়াগোহাঁয়ে | মোৰ জ্ঞান হ’বৰ পৰা শুনি থকা মাত, ডিব্ৰুগড় অনাঁতাৰ কেন্দ্ৰৰ ঘোষক, প্ৰযোজক হীৰেন গোহাঁয়ে আজি ২০১৩ বৰ্ষৰ শিল্পী বটাঁ গ্ৰহণ কৰিলে | তেওঁৰ লগতে অসমৰ আগশাৰী কণ্ঠশিল্পী জ্যোৰ্তিময় কাকতিয়ে লাভ কৰিলে ২০১৩ বৰ্ষৰ শিল্পী বটাঁ | অসুস্থ শৰীৰে উপস্থিত থকাৰ বাবে জনপ্ৰিয় কন্ঠশিল্পী জ্যোৰ্তিময় কাকতিয়ে বিশেষ একো ক’ব নোৱাৰিলে | শিল্পী বটাঁত আছে নগদ এক লাখ টকা , এখন প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু এখন শৰাই | বটাঁ প্ৰদান অনুষ্ঠানত উপস্থিত আছিল অসমৰ ৰাজহ মন্ত্ৰী পৃথ্বী মাঝি আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী প্ৰণতি ফুকন | হীৰেন বূঢ়াগোহাঁই: ঐতিহাসিক শিৱসাগৰ জিলাৰ দিলিহি ধাই আলি গোহাঁই গাঁৱত ১৯৪৬ চনৰ ১ ডিচেম্বৰত হীৰেন গোহাঁইৰ জন্ম হৈছিল | তেখেতৰ পিতৃ আছিল বিশিষ্ট বুৰঞ্জীবিদ, সাহিত্যিক তথা মুক্তি যুজাঁৰু ৰিপুনাথ বুঢ়াগোঁহাই | তেখেতৰ দেউতাক চৰকাৰী চাকৰিয়াল হোৱা হেতুকে চাকৰিৰ মকৰলৰ বাবদ শ্বিলং, তুৰা, গোৱালপাৰা, তেজপুৰ আদি অসমৰ বিভিন্ন ঠাইত শৈশৱৰ পৰা তেওঁ ঘুৰি ফুৰিছিল | তেখেতে ১৯৫০ চনত শ্বিলঙত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি দৰং কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল | ১৯৬৭ চনত দুবছৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰত সাময়িক ঘোষক, তাৰ পাছত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ ১৯৬৯ চনৰ ১ জানুৱাৰীত প্ৰতিষ্ঠা হোৱাত স্থায়ী ঘোষকৰ পদত নিযুক্তি লাভ কৰে | ১৯৭৪ চনৰ পৰা ডিব্ৰুগড় কেন্দ্ৰত নিজাববীয়াকৈ বাণীবন্ধনৰ ব্যৱস্থা হোৱাত হীৰেন গোহাঁয়ে ১৯৭৫ চনৰ পৰা প্ৰযোজকৰ পদত নিয়োজিত হয় | এই কেন্দ্ৰতে তেওঁ নতুন নতুন গীতৰ জন্ম দিলে আৰু এটা অনুষ্ঠান ’ গীতৰ শৰাই ’ নামেৰে আৰম্ভ কৰিলে | তেখেতে ৰচনা কৰা আৰু সুৰেৰে সজোৱা অলেখ গীত ৰাজেন গোহাঁই, পুলক বেনাৰ্জী, কুল গগৈ, লোকনাথ গোস্বামী, মালবিকা বৰা, সংগীতা বৰঠাকুৰ প্ৰমুখ্য অলেখ শিল্পীয়ে কন্ঠদান কৰিলে | তেওঁ যোৰহাটত পঢ়ি থকা অৱস্থাত মণিৰাম দেৱান বোলছবিত মণিৰাম দেৱানৰ পুত্ৰৰ চৰিত্ৰতো অভিনয় কৰিছিল | তেওঁ ২০০৬ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে | সঁচাকৈ এক অনন্য সুন্দৰ কণ্ঠৰ সত্তা | বটাঁ প্ৰদান অনুষ্ঠানৰ সামৰণিত তেওঁ কৈ গ’ল মোৰ দায়িত্ব বাঢ়িল .... জ্যোৰ্তিময় কাকতি: জন্ম হৈছিল ১৯৩৫ চনত ডিগবৈত | তেখেতৰ পিতৃ তাৰিণী চৰণ কাকতিয়ে ১৯৩৭ চনত গ্ৰামোফোন ৰেকৰ্ডত নিজৰ গীত বাণীবদ্ধ কৰিছিল | তেখেতে দেউতাকৰ পৰাই প্ৰথম গীত শিকিছিল | তেখেতে ১৯৫১ চনত কটন কলেজত ভৰ্ত্তি হয় আৰু তাতেই সান্নিধ্য লাভ কৰে তফজ্জুল আলি, ড০ বীৰেন্দ্ৰ নাথ দত্তৰ সৈতে | তেখেতে প্ৰথম কণ্ঠ নিগৰোৱা গীতটো হৈছে ড০ লক্ষ্যহীৰা দাসৰ ৰচনা আৰু তফজ্জুল আলিৰ সুৰেৰে-" মাটিৰ মমতা কোনদিনা হ’ব শেষ....", ২য় গীতটো -- "সোঁৱৰাই যদি সন্ধিয়াই ....." | ১৯৬১ চনত তেখেতে শ্বিলঙত চাকৰিত যোগদান কৰে | " মন্দাক্ৰান্ত মোৰ কবিতাৰ কোন তুমি মধুচন্দা ..." - ১৯৬৪ চনত এইচ. এম. ভি ৰেকৰ্ডত বাণীবদ্ধ হোৱা এই ৰেকৰ্ডখনে ভাৰতীয় ভিন ভিন ভাষাত আটাইতকৈ বেছি বিক্ৰী হোৱা প্ৰথম দহখন গীতৰ ৰেকৰ্ডত স্থান লাভ কৰিছিল | তেওঁ জ্ঞানদা কাকতিৰ সতে -’ চ’তৰে চাপৰিত চাকৈয়ে চিঞৰে চকোৱা চৰতে নাই ...’, ’ লুইতৰ পাৰতে দুটি ফুল বনৰীয়া ....’ বনগীত দুটি অনন্য আৰু অপৰূপ | -- ৰনৌজ কুমাৰ গগৈ ১৭ জানুৱাৰী ২০১৩

Saturday, January 5, 2013

অনুভৱঃ

অকস্মাতে নিশা বিজুলীবাতিৰ ছুইচ অফ কৰি ভাৱনাত মগ্ন হৈ যাওঁ | নাজানো ! গভীৰ নিশা কিমান সময় পাৰ হৈ যায় | অকলে পায়চাৰি কৰি থাকো নিৰ্জন ৰাতিবোৰ | যেনেদৰে আজি গোটেই নিশা চিন্তা, দুঃচিন্তা আৰু বহু কিবাকিবিৰ মাজত যাবলৈ আৰম্ভ কৰিছোহঁক | কেতিয়াবা পোহৰৰ পৰা আন্ধাৰত গুচি যাবলৈ মন যায় | আন্ধাৰ নিশা বৰ ভাল লাগে ; সেয়ে কেতিয়াবা নিজৰ শৰীৰটোক বাদ দি গুচি যাঁও মায়াময় আন্ধাৰ নিশাবোৰলৈ | শৰীৰটোৰ অস্তিত্বক বিলীন কৰি দিওঁ মোৰ চাৰিওকাষে আবৰি ৰখা পৰিবেশৰ মাজত | তদুপৰি ক’ব নোৱাৰাকৈ মনটোত দোলা দি যায় - প্ৰেম, প্ৰকৃতি আৰু বহু কিবাকিবি ...!!! বিশাল সাগৰ, পানী, মুক্ত আকাশ, নিৰ্মল নিমজ পৰিবেশ - মায়াময় ৰূপোৱালী ...অনুভৱ কৰো --এই বিলাকক ভাল পাবলৈ জানো কিবা কাৰণ লাগে ? নালাগে; কিন্তু কাৰণ বিচৰা হয় | কাৰণ কাৰণতে থাকি যায় | প্ৰকৃততে ভালপোৱা মানে নিজৰ অস্তিত্বক বিচৰা | মোৰটো তেনেকুৱাই , কাৰণ পৃথিৱীৰ প্ৰত্যেকটো বস্তুকে ভাল পাওঁ - তাৰ পাছত অন্বেষণ - তাৰ পাছত - গভীৰ কৌতুহল |এইবিলাকক কলাত্মক ৰূপ, ৰস ইত্যাদিৰে মোৰ মন ভৰপূৰ | বিৰতিহীন ভালপোৱাই মোক কৰি পেলায় বাংময় | ক’ব নোৱাৰাকৈ প্ৰেমত পৰো - অনুৰণিত হওঁ , অনুকম্পিত হওঁ, সৌন্দৰ্যৰ আকষণ কৰো | কিন্তু কেতিয়াবা ভালপোৱাই মোক আৰু বেছিকৈ ভালপাবলৈ শিকায় | জোনজনী আকাশত দেখা দিছে চকামকাকৈ, কুঁৱলীৰে আবৰা | জোনজনীয়ে অভিমান কৰিলে মোৰ মনটো বেয়া লাগে | নাজানো কিয় কেতিয়াবা একেবাৰে দেখা নিদিয়ে | পোন্ধৰ দিনটো একেবাৰে নেদেখোৱে | তথাপি তাইৰ ৰহস্যময়ী ৰূপটোলৈ মোৰ অন্তহীন অন্বেষণ | ভালো লাগে, বেয়াও লাগে | তাইক নেদেখিলে বিষাদে আবৰি ধৰে; মনবোৰ সেমেকা হৈ পৰে | যেতিয়া দেখো সৌন্দৰ্য উপভোগ কৰি আপোন পাহৰা হৈ যাওঁ ; বিলীন হৈ যাওঁ, একে ঠাইতে ৰৈ যাওঁ ...কিহবাৰ ৰাগিত ! প্ৰকৃতিয়ে জোনজনীক কি ৰূপ দিছে -- আশ্চৰ্যকৰ, চলনাময়ী | আচলতে জোনজনী হেৰায় যাব বুলি মোৰ মনত আশংকা জাগে | তেতিয়া মোৰ প্ৰেম জোনজনীৰ প্ৰতি গভীৰ হয় | নাজানো, জোনজনীয়ে মোৰ মৰম, ভালপোৱা জানে নে নাজানো | কিন্তু মই বিচাৰো জোনজনীৰ পৰা মৰম, ভালপোৱাৰ সস্নেহ পোহৰ ; আবদাৰ আৰু অফুৰন্ত অনাবিল হাঁহি | তাই হাঁহি থাকক হৃদয়ৰ আকাশত নিভৃততম কোণত চিৰদিন চিৰকাল... | কাৰণ জোনজনী মোৰ আজন্ম প্ৰেমিক | -- আৰ কে জি (RKG)

৫ জানুৱাৰী ২০১৩ ২০ পুহ ১৯৩৪ শক শনিবাৰ

শীতে জীৱন ধাৰণত সবস্ব কোঙা কৰি পেলাইছে | অলপ দেৰিকৈ আৰম্ভ হৈছে পুৱাবোৰ | ঢাৰি পাটী এৰাটো নিঃ সন্দেহে সকলোৰে বাবে কষ্টকৰ | প্ৰত্যেক বছৰৰ প্ৰত্যেক দিনটোৰ আৰম্ভণিতে সিদ্ধান্ত লওঁ - মই যেন নিজৰ ওপৰত অগাধ বিশ্বাস ৰাখি আগবাঢ়িম | সকলোকে ভালদৰে ব্যৱহাৰ কৰিম; কথা পাতিম | তদুপৰি ভালধৰণে পাৰ হয় দিনবোৰ সকলোৰে লগত | কিন্তু নিয়তিৰ কি পৰিহাস - মনত বাহ সাজে বেলেগ ধৰণে | কাৰোবাৰ প্ৰতি মোৰ অগাধ টান জন্মে মনটোত | মনটোৱে কাবৌ কৰে একপ্ৰকাৰ... প্ৰতিটো মূহুৰ্ত যেন পাৰ কৰিম তাইৰ সতে | মাথোঁ এটি ক্ষণো থাকিব নোৱাৰা হৈ যাওঁ হাহাকাৰ কৰি উঠে মনবোৰ | সঁচা অৰ্থত ক’বলৈ গ’লে বহুদিনৰে পৰা আৰম্ভ হোৱা আবদাৰবোৰে সোণোৱালী শইচত ভৰি দিয়েহি | কিন্তু সেই সময়তে আৰম্ভ হয় প্ৰাপ্তি -অপ্ৰাপ্তিৰ খতিয়ান | আগবাঢ়িবলৈ নিদিয়ে সময়ে, পৰিবেশে - আধাতে মৰহি যায় লহপহকৈ ঠন ধৰি উঠা সম্পকবোৰ | তাৰ পাছত মোৰ মনটোত সৃষ্টি হয় বিশাল সাগৰৰ ঢৌবোৰৰ দৰে অস্থিৰ, অজানিতে দুচকুৱে চকুলো বাগৰায় | অভিমান কৰে মনটোৱে মনটোৰ ওপৰত | সময়বোৰ যেন এই সময়তে ঠমকি ৰৈ যায় | নিশাবোৰ ক্ষণ গণি গণি পাৰ হৈ যায় | কেতিয়াও ভূমুকি নাপাৰে টোপনিয়ে | মাত্ৰ কোলাহল মনটোত সপোন বোৰে পায়চাৰি কৰি থাকে | কোনোৰ বস্তুৰ প্ৰতি মোহ নাইকিয়া হয় | ক্ৰমান্বয়ে মূহুৰ্তবোৰে সময় গচকি দিনত পৰিণত হয় | আৰম্ভ হয় পোৱা - নোপোৱা অলেখ কাহিনী | পুনৰ কেতিয়াবা সংযোগ ঘটে বহু প্ৰত্যক্ষিত প্ৰাত্যহিকতাই | আকৌ ৰোমন্থিত হওঁ | তাৰ পাছত আঘাত প্ৰাপ্ত ঘাঁ টুকুৰাই কান্দি উঠে | মুঠৰ ওপৰত, মোৰ জীৱনৰ এছোৱা সময় এনেদৰে পাৰ হৈ গুচি গ’ল | আনৰ কাৰণে বহু সময় খৰচ কৰিলো ; চিন্তিলো ..., আৰু ক’ত যে কি হ’ল !! ?? চিন্তা কৰি কৰি স্বাস্থ্যই একেবাৰে ধান খেৰ ৰূপ ল’লে | দুখহ্লঃ, বেদনা , ভাৰাক্ৰান্ত মন পুনৰ ঠন ধৰিবলৈ লওঁতে পুনৰ এজাক ধুমুহাই মোক দিশহাৰা কৰি তুলিলে | ছাঁ আৰু অৱয়ব, মন আৰু শৰীৰ এতিয়া অস্তিত্ব ৰক্ষাৰ যুঁজত ...! ধুমুহাই লৈ গ’ল কাল ধুমুহালৈ ...... ---- RKG