About Me
- RONOJ KUMAR GOGOI
- Guwahati, ASSAM, India
- " সাহিত্য মোৰ নিচা ৰাজনীতি মোৰ পেচা "
Saturday, January 5, 2013
অনুভৱঃ
অকস্মাতে নিশা বিজুলীবাতিৰ ছুইচ অফ কৰি ভাৱনাত মগ্ন হৈ যাওঁ | নাজানো ! গভীৰ নিশা কিমান সময় পাৰ হৈ যায় | অকলে পায়চাৰি কৰি থাকো নিৰ্জন ৰাতিবোৰ | যেনেদৰে আজি গোটেই নিশা চিন্তা, দুঃচিন্তা আৰু বহু কিবাকিবিৰ মাজত যাবলৈ আৰম্ভ কৰিছোহঁক |
কেতিয়াবা পোহৰৰ পৰা আন্ধাৰত গুচি যাবলৈ মন যায় | আন্ধাৰ নিশা বৰ ভাল লাগে ; সেয়ে কেতিয়াবা নিজৰ শৰীৰটোক বাদ দি গুচি যাঁও মায়াময় আন্ধাৰ নিশাবোৰলৈ | শৰীৰটোৰ অস্তিত্বক বিলীন কৰি দিওঁ মোৰ চাৰিওকাষে আবৰি ৰখা পৰিবেশৰ মাজত | তদুপৰি ক’ব নোৱাৰাকৈ মনটোত দোলা দি যায় - প্ৰেম, প্ৰকৃতি আৰু বহু কিবাকিবি ...!!! বিশাল সাগৰ, পানী, মুক্ত আকাশ, নিৰ্মল নিমজ পৰিবেশ - মায়াময় ৰূপোৱালী ...অনুভৱ কৰো --এই বিলাকক ভাল পাবলৈ জানো কিবা কাৰণ লাগে ? নালাগে; কিন্তু কাৰণ বিচৰা হয় | কাৰণ কাৰণতে থাকি যায় | প্ৰকৃততে ভালপোৱা মানে নিজৰ অস্তিত্বক বিচৰা | মোৰটো তেনেকুৱাই , কাৰণ পৃথিৱীৰ প্ৰত্যেকটো বস্তুকে ভাল পাওঁ - তাৰ পাছত অন্বেষণ - তাৰ পাছত - গভীৰ কৌতুহল |এইবিলাকক কলাত্মক ৰূপ, ৰস ইত্যাদিৰে মোৰ মন ভৰপূৰ | বিৰতিহীন ভালপোৱাই মোক কৰি পেলায় বাংময় | ক’ব নোৱাৰাকৈ প্ৰেমত পৰো - অনুৰণিত হওঁ , অনুকম্পিত হওঁ, সৌন্দৰ্যৰ আকষণ কৰো | কিন্তু কেতিয়াবা ভালপোৱাই মোক আৰু বেছিকৈ ভালপাবলৈ শিকায় |
জোনজনী আকাশত দেখা দিছে চকামকাকৈ, কুঁৱলীৰে আবৰা | জোনজনীয়ে অভিমান কৰিলে মোৰ মনটো বেয়া লাগে | নাজানো কিয় কেতিয়াবা একেবাৰে দেখা নিদিয়ে | পোন্ধৰ দিনটো একেবাৰে নেদেখোৱে | তথাপি তাইৰ ৰহস্যময়ী ৰূপটোলৈ মোৰ অন্তহীন অন্বেষণ | ভালো লাগে, বেয়াও লাগে | তাইক নেদেখিলে বিষাদে আবৰি ধৰে; মনবোৰ সেমেকা হৈ পৰে | যেতিয়া দেখো সৌন্দৰ্য উপভোগ কৰি আপোন পাহৰা হৈ যাওঁ ; বিলীন হৈ যাওঁ, একে ঠাইতে ৰৈ যাওঁ ...কিহবাৰ ৰাগিত ! প্ৰকৃতিয়ে জোনজনীক কি ৰূপ দিছে -- আশ্চৰ্যকৰ, চলনাময়ী | আচলতে জোনজনী হেৰায় যাব বুলি মোৰ মনত আশংকা জাগে | তেতিয়া মোৰ প্ৰেম জোনজনীৰ প্ৰতি গভীৰ হয় | নাজানো, জোনজনীয়ে মোৰ মৰম, ভালপোৱা জানে নে নাজানো | কিন্তু মই বিচাৰো জোনজনীৰ পৰা মৰম, ভালপোৱাৰ সস্নেহ পোহৰ ; আবদাৰ আৰু অফুৰন্ত অনাবিল হাঁহি | তাই হাঁহি থাকক হৃদয়ৰ আকাশত নিভৃততম কোণত চিৰদিন চিৰকাল... | কাৰণ জোনজনী মোৰ আজন্ম প্ৰেমিক |
-- আৰ কে জি (RKG)
Subscribe to:
Post Comments (Atom)

No comments:
Post a Comment