--" কস্মিনকালেও মই এই বটাঁ পাম বুলি ভবা নাছিলো | কালি মোক বন্ধুৱে ফোন কৰি কোৱাত ধেমালি কৰিছে বুলি ভাবিছিলো ...কিন্তু ...."-- এক আৱেগিক পৰিবেশত কথাখিনি কৈ গ’ল শিল্পী বটাঁ প্ৰাপক বিশিষ্ট সুৰকাৰ, গীতিকাৰ হীৰেন বুঢ়াগোহাঁয়ে | মোৰ জ্ঞান হ’বৰ পৰা শুনি থকা মাত, ডিব্ৰুগড় অনাঁতাৰ কেন্দ্ৰৰ ঘোষক, প্ৰযোজক হীৰেন গোহাঁয়ে আজি ২০১৩ বৰ্ষৰ শিল্পী বটাঁ গ্ৰহণ কৰিলে | তেওঁৰ লগতে অসমৰ আগশাৰী কণ্ঠশিল্পী জ্যোৰ্তিময় কাকতিয়ে লাভ কৰিলে ২০১৩ বৰ্ষৰ শিল্পী বটাঁ | অসুস্থ শৰীৰে উপস্থিত থকাৰ বাবে জনপ্ৰিয় কন্ঠশিল্পী জ্যোৰ্তিময় কাকতিয়ে বিশেষ একো ক’ব নোৱাৰিলে | শিল্পী বটাঁত আছে নগদ এক লাখ টকা , এখন প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু এখন শৰাই | বটাঁ প্ৰদান অনুষ্ঠানত উপস্থিত আছিল অসমৰ ৰাজহ মন্ত্ৰী পৃথ্বী মাঝি আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী প্ৰণতি ফুকন |
হীৰেন বূঢ়াগোহাঁই:
ঐতিহাসিক শিৱসাগৰ জিলাৰ দিলিহি ধাই আলি গোহাঁই গাঁৱত ১৯৪৬ চনৰ ১ ডিচেম্বৰত হীৰেন গোহাঁইৰ জন্ম হৈছিল | তেখেতৰ পিতৃ আছিল বিশিষ্ট বুৰঞ্জীবিদ, সাহিত্যিক তথা মুক্তি যুজাঁৰু ৰিপুনাথ বুঢ়াগোঁহাই | তেখেতৰ দেউতাক চৰকাৰী চাকৰিয়াল হোৱা হেতুকে চাকৰিৰ মকৰলৰ বাবদ শ্বিলং, তুৰা, গোৱালপাৰা, তেজপুৰ আদি অসমৰ বিভিন্ন ঠাইত শৈশৱৰ পৰা তেওঁ ঘুৰি ফুৰিছিল | তেখেতে ১৯৫০ চনত শ্বিলঙত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি দৰং কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল | ১৯৬৭ চনত দুবছৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰত সাময়িক ঘোষক, তাৰ পাছত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ ১৯৬৯ চনৰ ১ জানুৱাৰীত প্ৰতিষ্ঠা হোৱাত স্থায়ী ঘোষকৰ পদত নিযুক্তি লাভ কৰে | ১৯৭৪ চনৰ পৰা ডিব্ৰুগড় কেন্দ্ৰত নিজাববীয়াকৈ বাণীবন্ধনৰ ব্যৱস্থা হোৱাত হীৰেন গোহাঁয়ে ১৯৭৫ চনৰ পৰা প্ৰযোজকৰ পদত নিয়োজিত হয় |
এই কেন্দ্ৰতে তেওঁ নতুন নতুন গীতৰ জন্ম দিলে আৰু এটা অনুষ্ঠান ’ গীতৰ শৰাই ’ নামেৰে আৰম্ভ কৰিলে | তেখেতে ৰচনা কৰা আৰু সুৰেৰে সজোৱা অলেখ গীত ৰাজেন গোহাঁই, পুলক বেনাৰ্জী, কুল গগৈ, লোকনাথ গোস্বামী, মালবিকা বৰা, সংগীতা বৰঠাকুৰ প্ৰমুখ্য অলেখ শিল্পীয়ে কন্ঠদান কৰিলে | তেওঁ যোৰহাটত পঢ়ি থকা অৱস্থাত মণিৰাম দেৱান বোলছবিত মণিৰাম দেৱানৰ পুত্ৰৰ চৰিত্ৰতো অভিনয় কৰিছিল |
তেওঁ ২০০৬ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে | সঁচাকৈ এক অনন্য সুন্দৰ কণ্ঠৰ সত্তা | বটাঁ প্ৰদান অনুষ্ঠানৰ সামৰণিত তেওঁ কৈ গ’ল মোৰ দায়িত্ব বাঢ়িল ....
জ্যোৰ্তিময় কাকতি:
জন্ম হৈছিল ১৯৩৫ চনত ডিগবৈত | তেখেতৰ পিতৃ তাৰিণী চৰণ কাকতিয়ে ১৯৩৭ চনত গ্ৰামোফোন ৰেকৰ্ডত নিজৰ গীত বাণীবদ্ধ কৰিছিল | তেখেতে দেউতাকৰ পৰাই প্ৰথম গীত শিকিছিল | তেখেতে ১৯৫১ চনত কটন কলেজত ভৰ্ত্তি হয় আৰু তাতেই সান্নিধ্য লাভ কৰে তফজ্জুল আলি, ড০ বীৰেন্দ্ৰ নাথ দত্তৰ সৈতে | তেখেতে প্ৰথম কণ্ঠ নিগৰোৱা গীতটো হৈছে ড০ লক্ষ্যহীৰা দাসৰ ৰচনা আৰু তফজ্জুল আলিৰ সুৰেৰে-" মাটিৰ মমতা কোনদিনা হ’ব শেষ....",
২য় গীতটো -- "সোঁৱৰাই যদি সন্ধিয়াই ....." | ১৯৬১ চনত তেখেতে শ্বিলঙত চাকৰিত যোগদান কৰে |
" মন্দাক্ৰান্ত মোৰ কবিতাৰ কোন তুমি মধুচন্দা ..." - ১৯৬৪ চনত এইচ. এম. ভি ৰেকৰ্ডত বাণীবদ্ধ হোৱা এই ৰেকৰ্ডখনে ভাৰতীয় ভিন ভিন ভাষাত আটাইতকৈ বেছি বিক্ৰী হোৱা প্ৰথম দহখন গীতৰ ৰেকৰ্ডত স্থান লাভ কৰিছিল | তেওঁ জ্ঞানদা কাকতিৰ সতে -’ চ’তৰে চাপৰিত চাকৈয়ে চিঞৰে চকোৱা চৰতে নাই ...’, ’ লুইতৰ পাৰতে দুটি ফুল বনৰীয়া ....’ বনগীত দুটি অনন্য আৰু অপৰূপ |
-- ৰনৌজ কুমাৰ গগৈ
১৭ জানুৱাৰী ২০১৩
No comments:
Post a Comment