হু হুৱাই
আগচোতালতে পৰিলহি
পাৰজাক ; খাম বুলি
ৰ’দত দিয়া ধান |
ক’তনো পাব
ককাদেউতাই আছেহি
ৰৈ বৰ দীঘল
টাঙোণ এডাল লৈ |
আহিল সেই সময়তে
ছাগলীৰ জাক
ককাদেউতাই ছাগলী খেদোতো
পাৰজাকে দিলে ৰুণ...
গাঁৱৰ ধানৰ সবাহত
আমাৰো যে আছে
খোৱাৰ মুক্তিকামী পণ |
-- © ৰনৌজ কুমাৰ গগৈ
No comments:
Post a Comment