About Me

My photo
Guwahati, ASSAM, India
" সাহিত্য মোৰ নিচা ৰাজনীতি মোৰ পেচা "

Saturday, October 29, 2011

কথাশিল্প - ১১


কথাশিল্প - ১১

- " আমোলমোল শেৱালিৰ গোন্ধ
যাঁও বুলি যাবই নোখোজে চোন
চকুৱে চকুৱে চাব পৰা হ’লে দেখিলোহেঁতেন ..."-
- হীৰেন ভট্টাচাৰ্য (কন্ঠঃ লোকনাথ গোস্বামী )
শৰত সমান নাহি সুখকাল | শৰত্‍ ঋতুতে পানী নিৰ্মল;প্ৰতিবিম্ব দেখা হয় |শেৱালি ফুলৰ সুবাসেৰে গোটেই নিশাটো এক অমিয়া মধুৰ পৰিবেশৰ সৃষ্টি কৰে |দিনৰ দিনটো শেৱালি জোপা নিতাল নিস্তব্ধ |আন্ধাৰ নমাৰ আগলৈকে শেৱালিজোপাই ফুল ফুলিবৰ বাবে কিমান প্ৰস্তুতি অৰ্থাত্‍ পাহি মেলিবৰ বাবে পূৰ্ব প্ৰস্তুতি |মোৰ দৰে নহয় ইহঁতবোৰ | মই কাম কৰিবৰ বাবে সদায় পিছদিনালৈ থৈ দিওঁ | এই অভ্যাস যদি ইহঁতে কৰিলেহেঁতেন ; কি হ’লহেঁতেন ! বাৰু এই কথা চিন্তাৰ উদগিৰণ || থাকক পিছলৈ |

- ৰনৌজ কুমাৰ
৩০ অক্তোবৰ ২০১১ |

কথাশিল্প - ১০


কথাশিল্প - ১০

-" সুৰাত মগন ভয়াল ৰাতি
মৌন কোলাহ’ল ..."-

গীতটো সকলোৰে পৰিচিত |বোধহয় নকৈ চিনাকি দিয়াৰ প্ৰয়োজন নাই |গাঁৱৰ পৰা নগৰীলৈ , আবাল বৃদ্ধ বণিতা পৰ্যন্ত সকলোৰে অতি চিনাকি ভাটিখানা |
অলপ মন কৰিলে দেখা যায় আজিকালি য’তে ত’তে কৈশোৰৰ পৰা বুঢ়ালৈকে দিন দুপৰতে বটল লৈ বহি যায় |তাৰ পিছত মাতাল হৈ অশ্লীল শব্দৰে গুৱালগালি |তদুপৰি হিংসাত্মক কান্ডৰ নায়ক (প্ৰকৃততে খলনায়ক )ৰ ৰূপত এইসকল লোকৰ নিৰ্ভয়ে বহিঃপ্ৰকাশ |আপোনাৰ মোৰ চাই থাকিয়েই ভাল লাগে নহয়নে ? কাৰণ বৈদ্যুতিক মাধ্যমত এইবিলাকক দেশ জয় কৰি অহাৰ নিচিনাকৈ অলপো গতি সলনি নকৰাকৈ দেখুৱাব যেন তেওঁলোকে অলপো ভুল কৰা নাই |সেই কাৰণে মোৰ ভাষাত ক’ব পাৰি এনেদৰে - আমি অসমীয়া জাতিয়ে দেশ জয় নকৰি কোনে কৰিব ?
যদিহে বৈদ্যুতিক মাধ্যমৰ কোনো সদাশয় ব্যক্তিয়ে এই কথাখিনি পঢ়িছে ; মোক গালি এজাউৰি পাৰিবলৈ নেৰিব |আৰু , আৰু গালি পৰাটো নিশ্চিত এই কাৰণে মই নিজে খাল খান্দি ঘৰিয়াল চপাইছো |

(বিঃদ্ৰঃ এইবিলাকৰ প্ৰভাৱ সূদুৰপ্ৰসাৰী কাৰণ বাল্যকালতে এইবিলাক বস্তু শিশু এটাই স্বচক্ষে নাইবা দূৰদৰ্শনৰ পৰ্দাত দেখে তেন্তে নিশ্চয় এইবিলাক কৰাটো ভাল বুলি আপোনাক কুটুৰিবলৈ আৰম্ভ কৰিব )

এইবিলাক কথা পঢ়িবলৈ মধুৰ নহয় ও সেয়ে বহুতে সৰুকথা বুলি ফালৰি কাটে | গতিকে ইয়াৰ ফল ভৱিষ্যতলৈ খাই থাকে |যাৰ ঘৰত এখন সুস্থ আৰু নিকা পৰিবেশ থাকে এইবিলাকে কেতিয়াও বাঁহ নলয় |

- ৰনৌজ কুমাৰ

কথাশিল্প - ৯

কথাশিল্প - ৯

- " পিতাইটি অ’ ভাল কৰিলি
বাড়ী -খাড়ী এজনী মোক গোটাই নিদিলি ;
শাওন মহীয়া দুপৰবেলা
কোনে দিব ভোজন থেলা |
........ হেৰা বুলি মাতিবলৈ নাই
...................." --

’ আৰু ২০ বছৰৰ পিছত এনেকুৱা জানো হ’ব সমাজ | সলনি মানে মোৰ সীমিত জ্ঞানে মোৰ ল’ৰাহঁতক ক’ব পাৰিমনে ভোজন থেলা বিচাৰিবলৈ, নাদৰ ভেকুলী হৈ থাকিলে কিবা এটা কৰিব পাৰিবি | ’


১৯৭৮ চনত মুক্তিপ্ৰাপ্ত ফাগুণী বোলছবিৰ দৰদী কন্ঠশিল্পী জয়ন্ত হাজৰিকা আৰু সাগৰিকা বৰুৱাৰ দ্বৈত কন্ঠৰ এই গীতটো শুনি আপোনাৰ কেনে লাগে ? একেবাৰে আবেগৰ তটৰেখা গাঁৱৰ ফালে ঢাপলি মেলে নে !!! মেলাটো অস্বাভাৱিক নহয় |


আচলতে কিবা এটা ৰহস্যৰ সম্ভেদ পাই এইখিনি লিখিলো |

( বিঃদ্ৰঃ ওপৰৰ গীতৰ ফাঁকি আৰু দুটা বাক্য দেউতাৰ দিনলিপিৰ পৰা তুলি দিছোঁ | দেউতাৰ ওচৰত মই ঋণী ও কৃতজ্ঞ | )

- ৰনৌজ কুমাৰ

কথাশিল্প - ৮


কথাশিল্প - ৮

প্ৰতিবাদ আৰু অগ্ৰিম জনসচেতনতা

সমগ্ৰ অসমখনতেই যেন কেৱল প্ৰতিবাদ প্ৰতিবাদ | ইয়াৰ বিপৰীতে মন কৰিবলগীয়া কথাটো হ’ল ঘটনা এটা সংঘটিত হোৱাৰ পাছতহে যেন আমি সাৰ পাওঁ | ইতিবাচকভাৱে আগনাবাঢ়ি আমিযেন ধ্বংসমুখৰ হওঁ | আমাৰ ই কি ৰীতি -নীতি নেকি ? আমাৰ একো কৰিবলগীয়া নাই আত্মসংযমেৰে |

সিদিনা মেনহ’লত পৰি মানুহজনৰ কৰুণ মৃত্যু হ’ল | স্বাভাৱিকতে প্ৰতিবাদ হ’বই | মৃত্যু কি সুলভ নেকি ??
এতিয়া কথা হ’ল ফুটপাথ, মেনহ’ল নিৰ্মাণৰত অৱস্থাত অথবা বিভাগীয় কৰ্তৃপক্ষই কাম কৰি থাকিলে আমিবোৰে ( জনসাধাৰণে ) আসোঁৱাহ দেখিলেও
কিন্তু আমি ইতিবাচকভাৱে সমাধানৰ কথা ক’বলৈ আগবাঢ়ি নাহো | মাথোঁ আমি কৰো হিংসাত্মক কাম | প্ৰতিবাদত সকলোৰে জোৱাৰ ; কিন্তু
এইটো কথাও ন দি ক’ব পাৰো যে -- সমাধানৰ সূত্ৰ কোনেও আজিকোপতি দিয়া নেদেখিলো | সমালোচনা কৰিবলৈ নিচেই সহজ | কিন্তু ইতিবাচকভাৱে সমাধান কৰিবলৈ যোৱাজনেহে জানে |

কথাবোৰ চিন্তা কৰি চাবৰ হ’ল | চালে ভাল পাম | নেচালেও মোৰ ক’বলগা নাই |

- ৰনৌজ কুমাৰ গগৈ |
২৬ অক্তোবৰ ২০১১
বুধবাৰ |