About Me
- RONOJ KUMAR GOGOI
- Guwahati, ASSAM, India
- " সাহিত্য মোৰ নিচা ৰাজনীতি মোৰ পেচা "
Monday, March 25, 2013
মুক্ত চিন্তাঃ ২
Silence is more eloquent than words !! সঁচাই ! মই সদায় চিঞৰি থাকো বন্ধু - বান্ধবী মহলৰ মাজত " মৌনতাই বহুত কথাই কৈ যায় " | নিৰ্জন সময়বোৰত মই যেতিয়া মোৰ সাধনাত অকলশৰে টোপনি চাবলৈ চেষ্টা কৰো - তেতিয়া অনুভৱ কৰো এৰি অহা অতীতৰ সুৱৰ্ণ সুৱাস আৰু সান্নিধ্য ক’তজনৰ ... আৰু আৰু অতি নিৰ্মমভাৱে অনুভৱ কৰো হেৰোৱাজনৰ অমৃত স্পৰ্শ ...!
দোভাগ নিশাৰ কোলাহলহীন সময়বোৰ প্ৰাণভৰি ভাল পাওঁ মই | উপভোগ কৰো হিয়া উজাৰি কোনেও গম নোপোৱাকৈ ... | আনকি সম্ভৱতঃ ক্ষুদ্ৰ জীৱবিলাকে মই অহাৰ উমান পাই সিহঁতেই ছাগৈ প্ৰাণভৰি উপভোগ কৰে সময়কণ | যিহেতুকে মই যোৱা প্ৰায় কেইবাটাও বছৰ কংক্ৰীট জীৱন পাৰ কৰিছো; সেই হেতুকে মই নিশাৰ কোলাহীন সময়বোৰত কোনো ধৰণৰ কৃত্ৰিমতা নাৰাখি সম্পূৰ্ণ এন্ধাৰ নিশাত মাতাল হৈ যাওঁ | সৃষ্টিৰ উন্মাদনা, সৃষ্টিৰ অদম্য হেপাহ উপভোগ কৰো | মুকলি ভাৱে কথা পাতো নিজৰ অস্তিত্বৰ মাজত, শব্দৰ খেলা কৰো, অনাবিল চিন্তা কৰো নতুন নতুন দৃষ্টিৰে !!! এনেদৰে কোলাহলহীন নিশা পাৰ কৰো অদ্বিতীয়ভাৱে; য’ত বেলেগে নিদ্ৰাদেৱীৰ কোলাত অফুৰন্ত সুখত নিমজ্জিত হৈ থাকে |
সেয়ে পুনৰ কওঁ মই - অনুপমা বসুমতাৰীৰ উক্তিৰে -
" হে নিৰ্জনতা
তোমাক আজি মই বৰ ভাল পাওঁ " | -
- © ৰনৌজ কুমাৰ গগৈ
২৬ মাৰ্চ, ২০১৩
Sunday, March 24, 2013
মুক্ত চিন্তাঃ ১
(২৪ মাৰ্চ ২০১৩, ১০ চ’ত ১৯৩৪ শক দেওবাৰ)
সততে মানুহৰ মুখত শুনিবলৈ পাওঁ - " জোনটো" বস্তু আনিব লাগিছিল ..... প্ৰকৃততে "জোনটো" বুলি কয় নে ? নে মোৰেই বিভ্ৰান্তি !!! এইটো নিশ্চিত যে জোন পৃথিৱীৰ উপগ্ৰহ | আৰু মোৰ আজীৱন প্ৰেয়সীৰ নাম জোনজনী | সি যি কি নহওক, মই যিকোনো বা যিটো বুলি কওঁ এইক্ষেত্ৰত ; সিবিলাক কথা বেলেগলৈ এৰিলো |
এতিয়া আহোঁ আন এটা কথালৈ ভাত বনোৱাৰ পৰা ৰন্ধালৈ | আজিকালি ৰান্ধনিয়ে ভাত বনায় ; ভাত নাৰান্ধে | আৰু মানুহবোৰে ’ ঘৰত যায়’ ; ঘৰলৈ নাযায় , ’খাব যায়’, কিন্তু খাবলৈ নাযায় |
দেখা গৈছে বহুতে কালি আৰু কাইলৈ ৰ পাৰ্থক্য নাজানে |
এনেকুৱা অলেখ উদাহৰণ মোৰ ওচৰত আছে | মই ক’বলৈ নাযাওঁ | যিহেতু মই ভাষা বিশেষজ্ঞ নহয়; ইয়াৰ সামান্য জ্ঞানো নাই | মাথোঁ কথা ক’ব পাৰো |
অসমীয়া বৈদ্যুতিন মাধ্যমত দেখিছোঁ- " কাজিৰঙাত গঁড় চাব যদি আহক "| নাজানো কিয় তেনেদৰে লিখে - স্বনামধন্য লোকসকলে | যিসকলে অনবৰতে অসমীয়া ভাষাৰ বিস্তাৰ, অস্তিত্বৰ কথা কৈ সমালোচনাৰে পানী নসৰকা কৰে তেওঁলোকে এইক্ষেত্ৰত পণ্ডিত |
- © ৰনৌজ কুমাৰ
কথা -- সুৰ
Thursday, January 17, 2013
শিল্পী বটাঁ ২০১৩
Saturday, January 5, 2013
অনুভৱঃ
অকস্মাতে নিশা বিজুলীবাতিৰ ছুইচ অফ কৰি ভাৱনাত মগ্ন হৈ যাওঁ | নাজানো ! গভীৰ নিশা কিমান সময় পাৰ হৈ যায় | অকলে পায়চাৰি কৰি থাকো নিৰ্জন ৰাতিবোৰ | যেনেদৰে আজি গোটেই নিশা চিন্তা, দুঃচিন্তা আৰু বহু কিবাকিবিৰ মাজত যাবলৈ আৰম্ভ কৰিছোহঁক |
কেতিয়াবা পোহৰৰ পৰা আন্ধাৰত গুচি যাবলৈ মন যায় | আন্ধাৰ নিশা বৰ ভাল লাগে ; সেয়ে কেতিয়াবা নিজৰ শৰীৰটোক বাদ দি গুচি যাঁও মায়াময় আন্ধাৰ নিশাবোৰলৈ | শৰীৰটোৰ অস্তিত্বক বিলীন কৰি দিওঁ মোৰ চাৰিওকাষে আবৰি ৰখা পৰিবেশৰ মাজত | তদুপৰি ক’ব নোৱাৰাকৈ মনটোত দোলা দি যায় - প্ৰেম, প্ৰকৃতি আৰু বহু কিবাকিবি ...!!! বিশাল সাগৰ, পানী, মুক্ত আকাশ, নিৰ্মল নিমজ পৰিবেশ - মায়াময় ৰূপোৱালী ...অনুভৱ কৰো --এই বিলাকক ভাল পাবলৈ জানো কিবা কাৰণ লাগে ? নালাগে; কিন্তু কাৰণ বিচৰা হয় | কাৰণ কাৰণতে থাকি যায় | প্ৰকৃততে ভালপোৱা মানে নিজৰ অস্তিত্বক বিচৰা | মোৰটো তেনেকুৱাই , কাৰণ পৃথিৱীৰ প্ৰত্যেকটো বস্তুকে ভাল পাওঁ - তাৰ পাছত অন্বেষণ - তাৰ পাছত - গভীৰ কৌতুহল |এইবিলাকক কলাত্মক ৰূপ, ৰস ইত্যাদিৰে মোৰ মন ভৰপূৰ | বিৰতিহীন ভালপোৱাই মোক কৰি পেলায় বাংময় | ক’ব নোৱাৰাকৈ প্ৰেমত পৰো - অনুৰণিত হওঁ , অনুকম্পিত হওঁ, সৌন্দৰ্যৰ আকষণ কৰো | কিন্তু কেতিয়াবা ভালপোৱাই মোক আৰু বেছিকৈ ভালপাবলৈ শিকায় |
জোনজনী আকাশত দেখা দিছে চকামকাকৈ, কুঁৱলীৰে আবৰা | জোনজনীয়ে অভিমান কৰিলে মোৰ মনটো বেয়া লাগে | নাজানো কিয় কেতিয়াবা একেবাৰে দেখা নিদিয়ে | পোন্ধৰ দিনটো একেবাৰে নেদেখোৱে | তথাপি তাইৰ ৰহস্যময়ী ৰূপটোলৈ মোৰ অন্তহীন অন্বেষণ | ভালো লাগে, বেয়াও লাগে | তাইক নেদেখিলে বিষাদে আবৰি ধৰে; মনবোৰ সেমেকা হৈ পৰে | যেতিয়া দেখো সৌন্দৰ্য উপভোগ কৰি আপোন পাহৰা হৈ যাওঁ ; বিলীন হৈ যাওঁ, একে ঠাইতে ৰৈ যাওঁ ...কিহবাৰ ৰাগিত ! প্ৰকৃতিয়ে জোনজনীক কি ৰূপ দিছে -- আশ্চৰ্যকৰ, চলনাময়ী | আচলতে জোনজনী হেৰায় যাব বুলি মোৰ মনত আশংকা জাগে | তেতিয়া মোৰ প্ৰেম জোনজনীৰ প্ৰতি গভীৰ হয় | নাজানো, জোনজনীয়ে মোৰ মৰম, ভালপোৱা জানে নে নাজানো | কিন্তু মই বিচাৰো জোনজনীৰ পৰা মৰম, ভালপোৱাৰ সস্নেহ পোহৰ ; আবদাৰ আৰু অফুৰন্ত অনাবিল হাঁহি | তাই হাঁহি থাকক হৃদয়ৰ আকাশত নিভৃততম কোণত চিৰদিন চিৰকাল... | কাৰণ জোনজনী মোৰ আজন্ম প্ৰেমিক |
-- আৰ কে জি (RKG)
৫ জানুৱাৰী ২০১৩ ২০ পুহ ১৯৩৪ শক শনিবাৰ
শীতে জীৱন ধাৰণত সবস্ব কোঙা কৰি পেলাইছে | অলপ দেৰিকৈ আৰম্ভ হৈছে পুৱাবোৰ | ঢাৰি পাটী এৰাটো নিঃ সন্দেহে সকলোৰে বাবে কষ্টকৰ | প্ৰত্যেক বছৰৰ প্ৰত্যেক দিনটোৰ আৰম্ভণিতে সিদ্ধান্ত লওঁ - মই যেন নিজৰ ওপৰত অগাধ বিশ্বাস ৰাখি আগবাঢ়িম | সকলোকে ভালদৰে ব্যৱহাৰ কৰিম; কথা পাতিম | তদুপৰি ভালধৰণে পাৰ হয় দিনবোৰ সকলোৰে লগত | কিন্তু নিয়তিৰ কি পৰিহাস - মনত বাহ সাজে বেলেগ ধৰণে | কাৰোবাৰ প্ৰতি মোৰ অগাধ টান জন্মে মনটোত | মনটোৱে কাবৌ কৰে একপ্ৰকাৰ... প্ৰতিটো মূহুৰ্ত যেন পাৰ কৰিম তাইৰ সতে | মাথোঁ এটি ক্ষণো থাকিব নোৱাৰা হৈ যাওঁ হাহাকাৰ কৰি উঠে মনবোৰ | সঁচা অৰ্থত ক’বলৈ গ’লে বহুদিনৰে পৰা আৰম্ভ হোৱা আবদাৰবোৰে সোণোৱালী শইচত ভৰি দিয়েহি | কিন্তু সেই সময়তে আৰম্ভ হয় প্ৰাপ্তি -অপ্ৰাপ্তিৰ খতিয়ান | আগবাঢ়িবলৈ নিদিয়ে সময়ে, পৰিবেশে - আধাতে মৰহি যায় লহপহকৈ ঠন ধৰি উঠা সম্পকবোৰ |
তাৰ পাছত মোৰ মনটোত সৃষ্টি হয় বিশাল সাগৰৰ ঢৌবোৰৰ দৰে অস্থিৰ, অজানিতে দুচকুৱে চকুলো বাগৰায় | অভিমান কৰে মনটোৱে মনটোৰ ওপৰত | সময়বোৰ যেন এই সময়তে ঠমকি ৰৈ যায় | নিশাবোৰ ক্ষণ গণি গণি পাৰ হৈ যায় | কেতিয়াও ভূমুকি নাপাৰে টোপনিয়ে | মাত্ৰ কোলাহল মনটোত সপোন বোৰে পায়চাৰি কৰি থাকে | কোনোৰ বস্তুৰ প্ৰতি মোহ নাইকিয়া হয় | ক্ৰমান্বয়ে মূহুৰ্তবোৰে সময় গচকি দিনত পৰিণত হয় | আৰম্ভ হয় পোৱা - নোপোৱা অলেখ কাহিনী | পুনৰ কেতিয়াবা সংযোগ ঘটে বহু প্ৰত্যক্ষিত প্ৰাত্যহিকতাই | আকৌ ৰোমন্থিত হওঁ | তাৰ পাছত আঘাত প্ৰাপ্ত ঘাঁ টুকুৰাই কান্দি উঠে |
মুঠৰ ওপৰত, মোৰ জীৱনৰ এছোৱা সময় এনেদৰে পাৰ হৈ গুচি গ’ল | আনৰ কাৰণে বহু সময় খৰচ কৰিলো ; চিন্তিলো ..., আৰু ক’ত যে কি হ’ল !! ?? চিন্তা কৰি কৰি স্বাস্থ্যই একেবাৰে ধান খেৰ ৰূপ ল’লে | দুখহ্লঃ, বেদনা , ভাৰাক্ৰান্ত মন পুনৰ ঠন ধৰিবলৈ লওঁতে পুনৰ এজাক ধুমুহাই মোক দিশহাৰা কৰি তুলিলে | ছাঁ আৰু অৱয়ব, মন আৰু শৰীৰ এতিয়া অস্তিত্ব ৰক্ষাৰ যুঁজত ...!
ধুমুহাই লৈ গ’ল কাল ধুমুহালৈ ......
---- RKG
Subscribe to:
Comments (Atom)
