About Me

My photo
Guwahati, ASSAM, India
" সাহিত্য মোৰ নিচা ৰাজনীতি মোৰ পেচা "

Thursday, June 30, 2011

কথাশিল্প - ৪


কথাশিল্প - ৪
৩০ জুন ২০১১

পিতা

পিতাই বুলি ক’লে মোৰ মনত এক অজান আনন্দই ভূমুকি মাৰে | বাল্যকালত প্ৰাক - প্ৰাথমিক বিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ পিতাইৰ সতে যোৱা দিনবোৰলৈ মনত পৰিলে আনন্দতে চকুপানী ওলাই যায় |মোৰ প্ৰাক-প্ৰাথমিক বিদ্যালয় বুলি ক’লে প্ৰথমতে তিনিখন বিদ্যালয় সলনি কৰা মনত পৰে | কিমান যে যাযাবৰী জীৱন মোৰ !!!

পিতায়ে ফলিত আখৰ ধৰি ধৰি শিকোৱা দিনবোৰ , আখৰ চিনাকি কৰাই দিয়া সেইজন পিতাই , ৰাস্তাত যাওঁতে কোনটো কি বস্তুৰ কি নাম জীৱনৰ আদিপাঠ দিয়া আৰু ক’ত যে কি ! লিখি শেষ কৰিম নোৱাৰা সেইজন শ্ৰদ্ধাৰ পিতাই |


এতিয়া প্ৰায়ভাগ সন্তান- সন্ততিয়ে পাপা , ডেড বুলি মাতে |বহুতৰ মুখত শুনা পোৱা যায় -পিতাই !! কি বস্তু ? আচৰিত নহ’ব !! কথাষাৰ এশ শতাংশই শুদ্ধ |

এইখিনিতে কথা এষাৰ মনত পৰিছে -মই পিতাইক কিন্তু দেউতা বুলি সম্বোধন কৰোঁ |কিন্তু মোৰ লগৰ বন্ধুএজনে মোক এবাৰ তাচ্ছিল্য কৰি কৈছিল -অই’ এতিয়া আৰু মান্ধাতা যুগৰ দিন নাই, ডেড মাতিবি | আৰু কথা এষাৰ লগত সংযোজিত নকৰিলে দোষে চুব -মোৰ ককাক কিন্তু দেউতাই পিতাই বুলিয়েই মাতিছিল |




( উপসংহাৰঃ সম্বোধন কৰা কথাকেইষাৰ মনত পৰিল কাৰণ সাম্প্ৰতিক সময়ত বিশেষ গুৰুত্বপূৰ্ণ | ইয়াত কোনেও যাতে সম্বোধনক লৈ বিৰ্তক নকৰে এয়ে অনুৰোধ |আধুনিকীকৰণৰ সময়ছোৱাত (- " কিন্তু এয়া আধুনিকীকৰণ নহয় ") ভিন্নজনে ভিন্ন মত পোষণ কৰিব |** আদম-ইভৰ যুগত মানুহে কাপোৰ পিন্ধিব নাজানিছিল | )

Sunday, June 19, 2011

গুৱাহাটীৰ চিঠি - ৫






১৯ জুন ২০১১

৪ আহাৰ ১৯৩৩ শক ৰবিবাৰ


গুৱাহাটীৰ চিঠি - ৫

আবেলিৰ কিন কিনীয়া বৰষুণে গুৱাহাটীত এইকেইদিন স্বস্তিৰ নিশ্বাস পেলাইছে | কিন্তু সমসাময়িকভাৱে গৰমে মানুহবিলাকক অলপহ’লেও কামৰ পৰা মনোযোগ কাঢ়ি নিছে | এই কথাটো অন্ততঃ মানুহৰ আচৰণৰ পৰা বুজিব পাৰি |


১২ জুন দেওবাৰে ৰবীন্দ্ৰ ভৱনত নিৰ্বাচন আয়োগে গণতন্ত ব্যৱস্থাত নিৰ্বাচন প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনাচক্ৰ অনুষ্ঠিত কৰিছিল | আলোচনাচক্ৰখনিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহুকেইজন নেতা - নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বি , কেন্দ্ৰীয় আইন মন্ত্ৰী এম বীৰাপ্পা মৈল্লী , উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ণ দ্প্তৰৰ মন্ত্ৰী বিজয় কৃষ্ণ সন্দিকৈ , অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে বহুতো গন্য-মান্য ব্যক্তি উপস্থিত আছিল |


১৩ জুনত দিছপুৰত সংবাদমেলত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ স্বাস্থ্য সুদৃঢ় কৰিবৰ বাবে কিছুমান নীতি ঘোষণা কৰে | লগতে কয় যে অনাগত দুবছৰৰ ভিতৰত শিক্ষা ব্যৱস্থা সংস্কৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰে | সংবাদমেলত তেঁওক যথেষ্ট কঠোৰ পৰিলক্ষিত হ’ল |

১৪ জুনত World Blood Donor Day | গুৱাহাটীত আনুষ্ঠানিকভাৱে ভিন্ন ঠাইত ৰক্তদান শিবিৰ আয়োজন কৰিছিল | বহুতোলোকে ৰক্তদান কৰিবৰ বাবে মুক্তভাৱে আগবাঢ়ি আহিছিল |


১৪ জুনত প্ৰথম অসমীয়া মহিলা চলচ্চিত্ৰ পৰিচালক সুপ্ৰভা দেৱীৰ গুৱাহাটীৰ ইন্টাৰনেচনেল চিকিত্‍সালয়ত দেহাৱসান হয় | মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩ বছৰ | নয়নমনি , তৰামাই , সৰৱজান , ৰাংঢালী -ৰ পৰিচালক সুপ্ৰভা দেৱীৰ জন্ম হৈছিল ১৯৩৪ চনত |

১৫ জুনৰ নিশা অৰ্থাত্‍ ১৬ জুনৰ আৰম্ভণি , বিৰল পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ১২:৫৩ - ৩:৩০ এএম মিনিটলৈ হৈ যায় | ডাৱৰীয়া বতৰ হোৱা হেতুকে আংশিকভাৱে গুৱাহাটীত দেখা পোৱা গ’ল |পুনৰ ১৩০ বছৰৰ পিছত ২১৪১ চনত এই বিৰল চন্দ্ৰগ্ৰহণ দেখা যাব |


১৭ জুনত কাঞ্চনজংঘা এক্সপ্ৰেছ ৰখাই থোৱা অৱস্থাত গুৱাহাটীৰ ৰেলৱে ষ্টেচনত আই ই ডি সহ বিভিন্ন সামগ্ৰী গাখীৰৰ টেমাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে | এই বাতৰি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ দুৰদৰ্শন চেনেলত সম্প্ৰচাৰিত হোৱাত গৃহ মন্ত্ৰালয়ে অসম চৰকাৰক নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ নিৰ্দেশ দিছে | যিহেতু ২২ জুনৰ পৰা কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হ’ব |


হৈ যোৱা সপ্তাহটোত গুৱাহাটীৰ লগতে ইয়াৰ আশে-পাশে পথ দুৰ্ঘটনাত বহুকেইজন লোকৰ প্ৰাণহানি হোৱা ঘটনাই চিতান্বিত কৰি তুলিছে মানুহৰ মাজত |পথ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীয়ে গাড়ী চালকক আধুনিক প্ৰযুক্তিবিদ্যাৰ সজুঁলি মুখত লগাই মাদ্ৰকদ্ৰব্য সেৱন কৰিছে নে নাই প্ৰমাণ কৰি যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিছে |




ধন্যবাদেৰে ...

- চাও ৰিদিপ ৰঞ্জন
গুৱাহাটী

Friday, June 17, 2011

ক্ষীণ মানুহ



এক মিনিটৰ গল্প - ২

ক্ষীণ মানুহ

মায়ে কয় , তই ভাত কিয় কমকৈ খাৱ ! অলপ খাবিচোন | সেয়ে তই ইমান ক্ষীণ | লগৰ বান্ধবী পুৰবীয়ে কয় - কলেজৰ চাদত বহি ,তই ভাত পানী নাখাৱ নেকি ? আগতকৈ দেখোন ক্ষীণাইছ !!! মহানগৰীৰ কোনোবা কোণত বন্ধু দেৱাশিষে লগ পালে কয় - তুমি কি খাবলৈ শুবলৈ এৰিলা নেকি ? নে কবিতা চুটি হোৱা নিচিনাকৈ ক্ষীণাইছা !

মোৰ ক’বলৈ একো নাথাকে মুখত ,মাথোঁ সকলোকে কৈ যাঁও ভাত পানী নোখোৱাকৈ মানুহ কিমান দিন জীয়াই থাকিব পাৰে | জীয়াই আছে এদিন, দুদিন ,তিনিদিন আৰু কিমান দিন থাকিব পাৰে জীয়াই .....


হোষ্টেলত লগৰবিলাকে মোক কয় তোমাক চাগৈ কোনো ছোৱালীয়ে নাচায় ঘূৰি হয়নে ? ৰাস্তাত ,ফুটপাথত , অথবা কলেজৰ ৰেলিঙত কোনোবা আপোনজনলৈ ৰৈ থকা জনেও এবাৰো নাচায় | চাবনো কি বুলি ? তাতে মোক ওঁহো ..নাচায়...কোৱা শুনো এইডাল আৰু ....ছোৱালীৰ ভাষ্য |

দুদিনৰ পিছত ঘৰলৈ যেতিয়া যাঁও হোষ্টেলৰ পৰা - ভন্টিয়ে কয় ,তই হোষ্টেলত খাবলৈ নাপাৱ নেকি ? ধানখেৰ ডালৰ নিচিনা হৈ আহ যে !! নে কোনোবাই কাঢ়ি খায় | ককাৰ কিন্তু মোৰ প্ৰতি বহুত মৰম | সেয়ে কয় , তই আৰু হোষ্টেল যাব নালাগে | ঘৰতে থাক | ঘৰৰ ভাত- পানী ,শাক-পাচলি বায়ু পানী খাই থাক |

( বিঃদ্ৰঃ গল্পটো চিন্তাৰ বুৰবুৰণি প্ৰাঞ্জল শৰ্মা বশিষ্ট লাষ্ট ৰাইডাৰ পঢ়ি | গল্প হয়নে নহয় মুক্ত সমালোচনা আগবঢ়াব বুলি আশা কৰিলো )

কথাশিল্প - ৩



১৭ জুন, ২০১১
শুক্ৰবাৰ

কথাশিল্প - ৩

চিন্তা-চৰ্চা - ৩

সন্ধিয়া ভ্ৰমণ


আপুনি বাৰু সন্ধিয়া খোজ কাঢ়ে নেকি ? ৰাস্তাৰ দুয়োকাষে গছবোৰৰ সতে
ফিৰফিৰয়া বতাহজাকৰ সতে খোজ কঢ়াৰ আমেজেই সুকীয়া | গৰমৰ দিনবোৰত কিন্তু গা-মন
এলেহুৱা যেন লাগে | এনে সময়তে এজাক বতাহ আহিলে ক’বই নালাগে |দেহটোত অজান শক্তিয়ে গা কৰি উঠে | পৰিবেশৰ লগত একাকাৰ হৈ যাম এনে লাগে |

খোজ কাঢ়িলে দেহ বহুখিনি সবল হৈ থাকে | কথাখিনিৰ গুৰুত্ব এইকাৰণে প্ৰায়বিলাক মানুহৰ মেদবহুলতা সমস্যা আছে | সকলোৱে গাড়ী আৰু ডেকাসকলে অনবৰতে বাইকখন দৌৰায় | দুহাত দুৰুত্বলৈ খোজ কাঢ়িব নোৱাৰে | এইখিনি কথা জৰীপত প্ৰকাশিত |

প্ৰকৃততে মই প্ৰায় সন্ধিয়া খোজ কাঢ়ো | মোৰ দৰে ধান খেৰৰ চেহেৰা এটা লৈ খোজ কঢ়াটো অন্ততঃ স্বাস্থ্যৰ পক্ষে ক্ষৰিকাৰক | কিন্তু মোৰ অভিজ্ঞতাৰ পৰা ক’ব পাৰো - খোজ কঢ়াৰ বাবে মই বহু ৰোগৰ পৰা ৰক্ষা পৰিছো |

Thursday, June 16, 2011

কথাশিল্প - ২


কথাশিল্প - ২

চিন্তা-চৰ্চা - ২

সুন্দৰ ঘৰ এটাৰ চাৰিওকাষে জেওৰা অথবা পকী দেৱাল থাকিলে দেখিবলৈ যিমান ধুনীয়া তাতোতকৈ ধুনীয়া সুন্দৰ ঘৰ , চাৰিওকাষে দেৱালৰ সৈতে সুন্দৰ এখন চোতাল , কেইজোপামান ফল- মূলৰ গছৰ লগতে ধুনীয়া কেইজোপা ফুলৰ গছ , লগতে পদুলিৰ কাষে কাষে জোপোহা গছ | তদুপৰি অসমীয়া মানুহ বুলি ক’লে তামোল গছ | অসমীয়া সংস্কৃতিৰ তামোল এৰাব নোৱাৰা অধ্যায় | তাতে ককাই কৈছিল তামোল গছৰ গুৰিত সাৰ- জাঁবৰ দি পাণ কেইজোপামান ৰুই দিলেতো ক’বই নালাগে |কি যে সুন্দৰ হ’ব ..- সোণত সোৱগা চৰিব | এতিয়া পাণৰ গুচি দাম বহুত হৈছেগৈ |

এইখিনি কথাৰ গুৰুত্ব মই গভীৰভাৱে উপলব্ধি কৰিছো আজিৰ দিনত | সেই কাৰণে অৱগত কৰিলো |


- ৰনৌজ কুমাৰ গগৈ
ৰচনাকাল -১৬ জুন ২০১১

Tuesday, June 14, 2011

কথাশিল্প - ১


চিন্তা-চৰ্চা - ১

ব্যস্ততাৰ বাবে সিদিনা নিবাসত সোমাওঁতে সন্ধিয়া ভাগি ৰাতি হৈছিল | অলপ সময়মতে কামবোৰ কৰিব নোৱাৰিলে আত্মঅসন্তুষ্টিয়ে দেখা দিয়ে | তথাপি মনবোৰক স্থিৰ কৰি ৰাখো | মুখ হাত ধুই ভাত খাবলৈ লওঁতে এজনৰ মুখত শুনা পালো - অই’ আজি কেকে মনটো বেয়া | মই কোনো কথা নোৰোৱাকৈ কিয় বুলি সুধিলো | ক’লে - ইহঁত দুটাই সোমৰস অলপ পান কৰিছে , কেকেক সেই ৰাজসভালৈ নামাতিলে | অ’ অ’ একো নহয় দিয়াছোন বুলি ক’লো মই | কেকেয়ে সেইবোৰ কথালৈ ভ্ৰূক্ষেপ নকৰি ক’লে - কাইলৈ মই আনি অকলে খাম -ইহঁত দুটাক দেখুৱাই |

মই কথাষাৰ সুৰ সলনি কৰি ক’লো
-" নোখোৱাকৈ থাকিব পৰাতোহে ডাঙৰ কথা | আনিনো কোনে খাব নোৱাৰে !! আজিকালি প্ৰায়সংখ্যক মানুহে সোমৰস পান নকৰাকে থাকিবই নোৱাৰে | " -

কথাষাৰ কোৱাৰ পিছত সকলোৱে মনে মনে থাকিল | কিন্তু মই যেতিয়া ভাত খোৱা সামৰি কোঠাত
আহিলো- তেতিয়া এটা কথাই বাৰে বাৰে মনত খুন্দিয়াবলৈ ধৰিলে - ঈৰ্ষাই মানুহক কি নকৰে | যেনেদৰে ওচৰৰ ঘৰৰ মানুহে নামী গাড়ী এখন ল’লে ল’বলৈ মন যায় |

এইখিনিতে নাম পাহৰা ব্যক্তিজনৰ কথালৈ মনত পৰিছে - " ঈৰ্ষাক সুস্থিৰ কৰি ৰাখিব পৰাটো অতি গুৰুত্বপূৰ্ণ " |

( বিঃদ্ৰঃ - হিংসাক কেতিয়াও প্ৰশ্ৰয় নিদিব | সৃষ্টিকামী সকলো কামক হিংসাই ধ্বংস কৰে | ওপৰত উল্লিখিত ঈৰ্ষা হিংসাৰ লগত ৰিজাব যোৱা নাই |)

শিশু সাহিত্য



সাম্প্ৰতিক সময়ত শিশু সাহিত্য কেনেধৰণৰ হ’ব - আলোচনা হৈছে যদিও কি আঁচনি লৈছে যদিও ক’ব পৰা হোৱা নাই | উত্তৰ -পূব গুৱাহাটী গ্ৰন্থমেলা যোৱা (২০১০ ) বৰ্ষত শিশু সাহিত্য সম্পকত শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰী দেৱে কিছুমান পৰামৰ্শ আগবঢ়াইছিল - ইংৰাজী ভাষাতো বহুতো শিশু সাহিত্য ৰচনা কৰাৰ প্ৰয়োজনবোধ কৰা হৈছে ,কাৰণ এই সময়ত প্ৰায়বোৰ অভিভাৱকে সন্তানটিক মাতৄভাষাৰ বিদ্যালয়খনত নাম ভৰ্ত্তি নকৰে | সেইহেতুকে ইংৰাজী ভাষাটোৰ ওপৰত দখল থকা লোকে আগবাঢ়ি অহাটো মই ব্যক্তিগতভাৱে পোষকতা কৰো -লগতে এইটোও তেঁও কৈছিল যে আলোচনা চক্ৰত আলোচিত হোৱা কথাবোৰ ছপা আকাৰে প্ৰকাশ কৰিব লাগে |কথাষাৰ সকলোৱে সহমত পোষণ কৰিছিল | হয়তো পৰৱৰ্তী গ্ৰন্থমেলাত দেখা যাব |



জোনাকী যুগৰ পৰা শিশু সাহিত্যৰ ধৰণ সলনি হোৱা পৰিলক্ষিত হোৱা দেখা যায় | কাৰণ , তেতিয়াৰ শিশুৰ পৰিবেশ আৰু এতিয়াৰ শিশুৰ পৰিবেশ যথেষ্টখিনি সলনি হৈছে |
যুগৰ লগত খাপ খুৱাই শিশু সাহিত্যত যুগৰ বতৰা দিবলৈ চেষ্টা কৰা হ’ল |মনীষী ব্যক্তিসকলৰ জীৱনী , নতুন নতুন আৱিস্কাৰৰ কথা ইত্যাদিৰে শিশু সাহিত্য আৰম্ভ কৰা হ’ল |ইলেকট্ৰনিক মাধ্যম, ম’বাইল ,দূৰদৰ্শন, চাবমেৰিন ,জাহাজ, ৰকেট, কৄত্ৰিম উপগ্ৰহ, বিমান, সুৰংগৰ তলেৰে ৰেল চলা ,খুব বেগত তথ্য সৰবৰাহ হোৱা কথাৰে এতিয়া শিশু সাহিত্য চহকী কৰিব লাগিব |এইবিলাক কথাই শিশু উপযোগীকৈ লিখিলে পৰীৰ সাধু হৈ পৰিব | তাহানিৰ দৈত্য-দানৱ ,ভূত-প্ৰেত , ভীমৰ অদ্ভূত চৰিত্ৰ আদি কাহিনী হয়তো আজিকালি শিশুক ক’লে বা কিতাপ আকাৰে দিলে মনোযোগেৰে নপঢ়িব |

এটা কথা মই ব্যক্তিগত ভাৱে বিশ্বাস কৰো যে-তৄণমূল পয্যায়ত এটিশিশুৰ বিকাশ নহলে কোনো কাৰণতে এখন দেশ , সমাজ অথবা কোনো দিশতে আগবাঢ়িব নোৱাৰে |সেই কাৰণে ইয়াৰ জৰিয়তে শিশু সাহিত্যিক গগণ চন্দ্ৰ অধিকাৰী দেৱৰ দৰে অনুৰোধ জনাঁও যে কোনো সদাশয় ব্যক্তিয়ে আগবাঢ়ি আহিলে মই পাৰ্যমানে সহায় ও সহযোগিতা কৰিবলৈ ৰাজি আছো |

পুৰণি অসমীয়া সাহিত্যৰ ভেটি আছিল সংস্কৄত সাহিত্য |আধুনিক অসমীয়া সাহিত্যৰ ভেটি পশ্চিমীয়া দৰ্শন |কিন্তু এটা কথা গভীৰ ভাৱে বিশ্বাস কৰো যে -পুৰণিক বাদ দি বৰ্তমান অস্তিত্বহীন |


শিশু এটাৰ মানসিক স্থিতি অধ্যয়ন কৰিবৰ বাবে বহুত চেষ্টা কৰিব লাগিব | আমি প্ৰত্যেকেই এটি লৰালিকাল পাৰ কৰি আহিলেও শিশুৰ মন:স্তাত্বিক দিশতো বৰ বেছি গুৰুত্ব দি পয্যবেক্ষণ নকৰো |
শিশুৰ বাবে লেখা এটা আৰম্ভ কৰিলে বহুতো কথালৈ চাব লাগিব -যেনে এটা কাহিনীত দুটা শিশুৱে কাজিয়া লাগিলে , কিকি বেয়া কথাই শিশু দুটাক ক্ৰিয়া কৰে , এই কথাবোৰ আঁতৰাবৰ বাবে কাহিনীয়ে
কি মূৰ লয় স্সেয়া অতি বিচাৰ্য্য বিষয় |

শিশু এটাই সৰুতে কি কৰি ভাল পায় , কি খায় ভাল পায়...নে কান্দি থকা শিশু এটাৰ বাবে কি কথাই আমোদ দিয়ে এই ক্থাবোৰ অধ্যয়ণ কৰিবলৈ আমি আমাৰ মাজত সোমাই থকা শিশুটোক জাগ্ৰত কৰিব লাগিব |এটা কথা নিশ্চিত যে আমাৰ প্ৰত্যেকৰ মাজত এটা শিশুসুলভ মানসিকতাই ঘূৰি ফুৰে |


মুঠৰ ওপৰত অসমীয়া সাহিত্যৰ শিশুৰ উদ্দেশ্যি লেখা ইংৰাজী ভাষাটো প্ৰয়োজন হৈছে |শিশু সাহিত্যৰ প্ৰতি জন ব্যক্তিয়েই সদা সচেতন হোৱা উচিত |

--ৰনৌজ কুমাৰ গগৈ

আবেলিৰ অনুভৱ


আবেলিৰ অনুভৱ (২১ এপ্ৰিল বৄহস্পতিবাৰ ২০১১ )

( লেখাটো প্ৰাসংগিকতা ককাৰ স্মৄতিত , বিশেষকৈ ককালৈ মনত পৰাৰ বাবে )

আপুনি হয়তো আবেলি বুলি ক’লে কি যে আৰাম !বুলি কৈ এনেদৰে শুই থাকে |কিন্তু হয়তো বহুতোলোকে মোৰ দৰে অথবা আপোনাৰ দৰে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰি ফুৰে | জীৱন বুলি ক’লে সংগ্ৰামৰ বাবে বেলেগভাৱেও অনুভৱ কৰিব পাৰি | কিন্তু এইবুলিয়েই জীৱনটোক এৰি দিব পাৰি নেকি ? কি অৰ্থত কলো হয়তো বুজি পাইছে |

আবেলি বুলি ক’লে মোৰ মনত পৰে -বাল্যকালত শুকান পথাৰত চিলা উৰুৱাৰ কথা | ককা -ৰ সতে ধেমালি কৰো | ক’ত কেতিয়া পাইছিলো পাহৰিলো যদিও " যি ককা-আইতাৰ সান্নিধ্য লাভ কৰে সি প্ৰখৰ বুদ্ধিমত্তা হয় ” | যেনে ককা - আইতাই সৰুকালতে আমাক সাধু কোৱাৰ কথাবোৰে হয়তো মোক এবাৰলৈ হ’লেও ভাবিবলৈ বাধ্য কৰালে যে সাধুৱে শিশুৰ বৌদ্ধিক বিকাশত অলপ হ’লেও সহায় কৰে |
এতিয়া শিশুবুলি ক’লে প্ৰত্যেকে ব্যস্ত গীত-নৄত্য , কম্পিউটাৰ ইত্যাদিত | অকণমান সময় আমি সাধু অথবা ধেমালি কৰিবলৈ সময় উলিয়াবলৈ চেষ্টা কৰিব লাগে |

-- -- ৰনৌজ কুমাৰ গগৈ

Monday, June 13, 2011

বৰ্ষা


বৰ্ষা


নীলা আকাশ
মেঘাচ্ছন্ন |

দোপালপিতা বৰষুণত
আঙুলিৰ ফাকেৰে গুচি যায়
সেউজীয়াবোৰ |

এটোপ এটোপ সৰে কাণৰ তলেদি
সাইলাখ
নিয়ৰৰ কণা |

বাটচ’ৰাত আই পাতে
শিল বৰষুণ
গণনা কৰাৰ মেল |

-- ৰনৌজ কুমাৰ গগৈ

( ৰচনাকাল:- বৰষুণজাক আহোঁ আহোঁ কৰাৰ ক্ষণত )

Sunday, June 12, 2011

গুৱাহাটীৰ চিঠি - ৪


১২ জুন ২০১১ , ২৮ জেঠ ১৯৩৩ শক, দেওবাৰ

গুৱাহাটীৰ চিঠি - ৪

"প্ৰজ্ঞাই প্ৰাণ পালে মনীষাই বুটলিব
মোৰ চিৰ সঞ্চিত অক্ষয় ভান্ডাৰৰ
হীৰা , মুক্ত , মৰকত মণি "

পৰীক্ষাৰ ফলাফল ওলোৱাৰ পাছত কৃষ্ণকান্ত সন্দিকৈ ছোৱালী মহাবিদ্যালয় , কটন মহাবিদ্যালয় , বি বৰুৱা মহাবিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয় আদিত নামভৰ্ত্তিৰ বাবে যথেষ্ট ভিৰ দেখা গ’ল | অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে বহু প্ৰতিভাবান ছাত্ৰ -ছাত্ৰীয়ে ভৱিষ্যতৰ অলেখ সপোন লৈ নামভৰ্ত্তি কৰিছে নামী কলেজ কেইখনত | মুঠৰ ওপৰত অভিভাৱকসহ সন্তান একাকাৰ হৈ পৰিছে কলেজৰ দুৱাৰডলিত |


৬ জুন সোমবাৰে একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱা তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ প্ৰথম অধিবেশন আৰম্ভ হয় | ইয়াৰে প্ৰথমদিনা বিধায়কসকলৰ শপতগ্ৰহণ হৈ যায় | স্সমসাময়িকভাৱে ত্ৰয়োদশ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচনত প্ৰনৱ গগৈ নিৰ্বাচিত হয় | তেঁও শিৱসাগৰ সমষ্টিৰ বিধায়ক হোৱাৰ লগতে যোৱা চৰকাৰৰ আইন মন্ত্ৰী আছিল | ৮ জুন অৰ্থাত্‍ অধিবেশনৰ অন্তিম দিনা বিধানসভাৰ উপাধ্যক্ষ ভীমানন্দ তাঁতীক নিৰ্বাচিত কৰা হয় | তদুপৰি এইবাৰ বিধানসভাত নতুন যুৱ প্ৰতিনিধি বেছি হোৱা হেতুকে বিধানসভাৰ ভিতৰচ’ৰা বহুত উগুল-থুগুল দেখা পোৱা গ’ল |


৭ জুনত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ভিন্ন ঠাইত পাৰ্বতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হ’ল |

-" আই মোৰ সোণৰে অসমৰ
আই মোৰ সোণৰে মন্দিৰ
আই মোৰ ৰ’দৰ চিকেমিকে কৰে .....
........................................
আই মোৰ আইৰে চোতালত
আই মোৰ পাৰিজাত ফুলিলে ..."

- পাৰ্বতি প্ৰসাদ বৰুৱা |

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী মকবুল ফিদা হুছেইন ৯ জুনত পৰলোক গামী হয় | তেখেতৰ আত্মা চিৰশান্তি কামনা কৰি শিল্পীসকলে শংকৰদেৱ কলাক্ষেত্ৰত একমিনিত সময় মৌনতা অৱলম্বন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে |

১০ জুনত কামৰূপ নগৰ বন বিভাগে উপায়ুক্তসহ গড়চুকত বন উচ্ছেদ কাৰ্য কৰোঁতে যথেষ্ট হৈ- চৈ লগা পৰিলক্ষিত হ’ল |এই হৈ- চৈ ৩৭ নং ৰাষ্ট্ৰীত ঘাই পথ অৱৰোধ পৰ্যন্ত হ’লগৈ |


অনাগত সময়ত বহুতো খবৰ বাতৰিৰ সৈতে আপোনালোকৰ আগত উপস্থিত হোৱাৰ আশাৰে চিঠিখন ইমানতে ইতি পেলালো |

ধন্যবাদেৰে

- চাও ৰিদিপ ৰঞ্জন
গুৱাহাটী |

Thursday, June 9, 2011

অপেক্ষা

এক মিনিটৰ গল্প - ১

অপেক্ষা

আবেলি ! আবেলি বুলি ক’লে কি আৰাম | বেলিটোৱে সুমথিৰা আভা ছটিয়াবলৈ আৰম্ভ কৰে পশ্চিমৰ আকাশত | তদুপৰি অফিচ ,কাছাৰী ,বিদ্যালয় , দোকান আৰু ফুটপাথৰ মানুহজনলৈকে সকলোৰে গাত আবেলি বুলি ক’লে বেলেগ এটা অনুভৱ | তাৰোপৰি প্ৰেমিক প্ৰেমিকা বুলি ক’লে অনুভৱেই সুকীয়া আবেলিত | সিদিনা হঠাতে তাই মোক ফোন কৰি ক’লে -
-- তুমি আবেলি ভাল পোৱা নে ?
-- কিয় ? মোৰ আশ্চৰ্যজনক উত্তৰ | তুমি ঘপহকৈ সুধি দিলা যে !
--আৰে, সেইবোৰ বাদ .. মই কিন্তু আবেলি হ’লে বৰ স্ফূৰ্তি কৰো | তাইৰ লচপচীয়া উত্তৰ | আবেলি হ’লে ফিৰফিৰীয়া বতাহজাকত অস্থিৰ মনবোৰ কিবা এক অজান আনন্দই উকমুকাই | হয় নে ? তোমাৰ কেনে লাগে আবেলি ?

-- আৰে !! মোৰ , মোৰ বাবে আবেলি ফাগুণৰ বতৰত চিলা উৰুৱাৰ অনুভৱৰ দৰে |
-- বৰ ভাল কথা জানা | তেন্তে তুমি আহিবা নেকি মোৰ ঘৰৰ কাষতে থকা বিশাল ব্ৰক্ষ্মপুত্ৰৰ শুকান বালিচৰত আবেলি চিলা উৰুৱাম ?
আহিবানে তুমি ?
-- কিয় নাযাম ,তাতে তুমি কৈছা যেতিয়া , নিশ্চয় যাম | মই তাইক ক’লো |


( ৰচনাকাল : নিৰ্জন ৰাতি খিৰিকীয়েদি ভাঁহি অহা বতাহজাকৰ আহ্বানত )

---- ৰনৌজ কুমাৰ গগৈ
গুৱাহাটী |

Wednesday, June 8, 2011

গুৱাহাটীৰ চিঠি - ৩

গুৱাহাটীৰ চিঠি-৩
৬ জুন ২০১১, ২২ জেঠ ১৯৩৩ শক সোমবাৰ

পূৰ্বৰ চিঠিখনত বৰ্ষাসিক্ত দিনৰ চমু আভাষ দিছিলো |অৰ্থাত্‍ বৰ্ষা ঋতু অহাৰ লগে লগে গছ-গছনিৰ পোখা মেলাৰ লগতে উৰ্বৰা শক্তি বৃদ্ধি পায় | কিন্তু মহানগৰীত এজাক বৰষুণ অহাৰ লগে লগে এফালে মানুহবোৰে কৃত্ৰিম বানপানীৰ সংকাত হৈ-ছৈ লগায় , আনফালে কিন্তু "গৰমৰ
পৰা ৰক্ষা পালো -ইমান গৰম এইকেইদিন বুলি সান্তনা লভে |" -

মোৰ এইখিনিতে ড০ নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত
-" বৰ্ষা ঋতু ভাল পাঁও মই
প্ৰতিশ্ৰুতি আছে তাত ,
সেউজী ৰহন মাথোঁ সিয়ে সানে
শুকান গছৰ গাত ....."-( কন্ঠ -জয়ন্ত হাজৰিকা )
গীতটোলৈ মনত পৰে | সঁচাই বৰ্ষা ঋতু মই বৰ ভাল পাঁও |মনত পৰে বাল্যকালত ককাৰ সৈতে পথাৰত হালোৱা-ৰোৱনিক জলপান দৈবলৈ যোৱাৰ কথা |বোকা পানীৰে লুতুৰি -পুতুৰি হোৱা দিনবোৰৰ কথা |এতিয়া আৰু সেইদিন ক’ত ?মহানগৰীৰ পানীৰে গেজেকনি সৃষ্টি হোৱা পৰিবেশত দিন অতিবাহিত কৰিছো |


যা নহওক , পৰীক্ষাৰ ফলাফলবিলাকৰ মাজতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অসমৰ সাতজনে স্থান পোৱাত সকলোৰ মাজত
আনন্দ দেখা পালো |০৪ জুন ২০১১ চনৰ শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰবীন্দ্ৰ ভৱনত সম্বন্ধনা জনাই তেওঁলোকক |ইয়াৰ সমসাময়িকভাৱে অসম উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত স্থানপ্ৰাপ্ত কৃতী ছাত্ৰ-ছাত্ৰী সকলকো সম্বন্ধনা জনায় |

তদুপৰি অতি গুৰুত্বপূৰ্ণ যে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শংকৰদেৱ কলাক্ষেত্ৰত ০৩ জুন শুক্ৰবাৰে অসম উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক ত স্থানপ্ৰাপ্ত কৃতী ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে শুভেচ্ছা পত্ৰ প্ৰদান কৰে |বহুতো ছাত্ৰ -ছাত্ৰীয়ে মুখ্যমন্ত্ৰী গৰাকীক শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে |তদুপৰি মুখ্যমন্ত্ৰী গৰাকীক এই প্ৰশ্নবোৰ বৰ গুৰুত্ব সহকাৰে শুনি থকা দেখা পালো |তদুপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিটো প্ৰশ্নৰ সাৱলীলভাৱে উত্তৰ দিছিল |সম্ভৱতঃ শিক্ষা ব্যৱস্থাৰ ওপৰত অনাগত সময়ত ভাল খবৰ আহিব বুলি চিন্তা কৰিব পাৰি - এই মত বিনিময়ৰ পৰা |


বহাগী বিদায় অনুষ্ঠান দিছপুৰৰ লাষ্টগেটত ০৪ জুন ২০১১ চনত অনুষ্ঠিত হৈ যায় |অংগৰাগ পাপন মহন্তৰ সংগীতানুষ্ঠানে দৰ্শকক আমোদ প্ৰদান কৰে |

গুৱাহাটীৰ দিছপুৰ লাষ্টগেটত বাবা ৰামদেৱৰ অনশনৰ সমৰ্থনত ৪ জুনৰ পুৱাৰ পৰা বহুতো লোকে অনশন আৰম্ভ কৰে |
গুৱাহাটী মন্ডলৰ CBSE দশম শ্ৰেণীৰ ফলাফল ৪ জুনত প্ৰকাশ পায় | উত্তীণৰ শতকৰা হাৰ ৮৫.৬২% |


৫ জুন বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু পৰিবেশ ও বন বিভাগ ,পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰকিবুল হুছেইনৰ উপস্থিতিত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় প্ৰেক্ষাগৃহত বৃক্ষৰোপনৰ লগতে পৰিবেশ সজাগতা ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় |

এখন ধুনীয়া সেউজীয়া পৰিবেশৰ সন্ধানত ও মনবোৰ সেউজীয়া হৈ পৰাৰ আশাত চিঠিখন ইমানতে ইতি পেলালো |

ধন্যবাদেৰে ...
- চাও ৰিদিপ ৰঞ্জন
গুৱাহাটী |